Monday, January 25, 2016

তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)'ৰ উক্তিঃ

(1) "গোটেই ৰাতি এবাদত কৰাৰ পিছত যদি মনৰ ভিতৰত বিন্দুমাত্র অহমিকা বোধ সৃষ্টি হয় তাতকৈ বৰঞ্চ গোটেই ৰাতি টোপনিমাৰি ৰাতিপোৱাত আল্লাহৰ ওচৰত লজ্জিত হোৱাই বহুত ভাল।" 
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
 
(2) "তৰোৱালৰ আঘাতে মানুহৰ শৰীৰ জখম কৰে কিন্তু বেয়া কথাৰ আঘাতে হৃদপিন্ড ৰক্তাক্ত কৰি দিয়ে।" 
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
 
(3) "পৃথিৱীখনক যিয়ে ভালদৰে চিনি পাইছে, তেও ইয়াৰ পৰা সিমানেই বেছি নিস্পৃহ হৈছে।" 
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
 
(4) "শান্তিৰ লগত জীৱন যাপন কৰাৰ পিছতো যিজন ব্যক্তিৰ আকাঙ্খা শেষ নহয়, তাৰ পক্ষত তৃপ্ত হোৱা সম্ভৱ নহয়।" ✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
 
(5) "মুখ বন্ধ কৰি পেলোৱাই ক্রোধৰ সর্বোত্তম চিকিৎসা।" 
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
 
(6) "জিহ্বা স্খলন পদস্খলনতকৈ বেছি বিপদজনক।" 
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
 
(7) "মানুহৰ হক(প্রাপ্য/দায়িত্ব) সম্পর্কে যি ব্যক্তি সচেতন নহয়, সি আল্লাহৰ হক সম্পর্কে সচেতন হ'ব নোৱাৰে।" 
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
 
(8) "দৰিদ্রই কোনো মুছলমানক অপমান কৰিব নোৱাৰে, মুছলমান যেতিয়া দ্বীনৰ(ধর্ম) পৰা দূৰলৈ গুচি গৈ থাকে তেতিয়াই পদে পদে অপমানৰ সম্মুখীন হয়"। 
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)

Friday, December 18, 2015

দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)'ৰ উক্তিঃ

(1) যিজনে তোমাৰ সন্মুখত দোষ ধৰে সি প্রকৃত বন্ধু, আৰু যিজনে সন্মুখত প্রশংসা কৰে সি শত্রু। 
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(2) "যি ব্যাক্তি সৃষ্টিকর্তাক ভয় কৰে, সৃষ্টিকর্তা তাৰ চলাৰ পথ সহজ কৰি দিয়ে, যি ব্যক্তি সৃষ্টিকর্তাৰ ওপৰত প্রবল বিশ্বাস ৰাখে, সৃষ্টিকর্তা তাৰ ইচ্ছা অপূর্ণ নাৰাখে।"
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(3) "দিনৰ পোহৰত এনেকোৱা কাম নকৰিবা, যাতে ৰাতিৰ টোপনি নষ্ট হয় আৰু ৰাতিৰ অন্ধকাৰত এনেকোৱা কাম নকৰিবা, যাতে তুমি দিনৰ পোহৰত মুখ লুকুৱাই থব লগা হয়!
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(4) "ধনীয়েই হওক বা দুখীয়াই হওক এদিন যাব লাগিব একেই স্থানত !!! আপুনি ধনী বুলিয়েই দুখীয়াক অৱহেলা কৰিব, ঘৃনা কৰিব; কিন্তু মৃত্যুৰ পিছত কি কৰিব? তাত তো চিনি পোৱাৰ উপায় নাই, আপুনি ধনী নে দুখীয়া।"
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(5) "কাৰোবাক কষ্ট দি সুখত থকাৰ আশা কৰা মুর্খামীৰ (বোকামি) বাহিৰে তো আন একোৱেই নহয়, মনত ৰাখিবা, ইয়াতকৈও প্রখৰ কষ্ট তোমাৰ বাবে অপেক্ষা কৰি আছে"l 
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(6) লোভৰ মুখামুখী নোহোৱা পর্যন্ত কাৰোৰ দ্বীনদাৰীৰ পৰীক্ষা নহয়।
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(7) ভুল কৰা কাৰোবাৰ দোষ নহয়, দোষ সেইটো- ভুল বুলি জানিও কাৰোবাক সেই ভুলৰ লগত জড়িত কৰি জীৱন ধ্বংসৰ দিশত ঠেলি দিয়া।
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(8) সাপ যখন জীৱিত থাকে তেতিয়া পিপৰা(কিট পতংগ) খায়। আকৌ সাপ যেতিয়া মৰি যায় তেতিয়া পিপৰাই(কিট পতংগই) সাপক খায়। সময় কেতিয়াবা কেতিয়াবা বদলি হয়!
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(9) এটি গছ দি কেইবা লাখ মেচৰ কাঠি তৈয়াৰী কৰিব পৰা যায় আকৌ এটি মেচৰ কাঠি দি কইবা লাখ গছ পুৰি দিব পৰা যায়।
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(10) আমি পাহৰি গলে নহ'ব আমাতকৈও শক্তিধৰ কোনোবা আছে !! সেয়ে সৃষ্টিকর্তাক ভয় কৰা৷
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(11) অন্যৰ কথা শুনা মাত্রই উত্তেজিত নহ'বা, আগতে কথাটোৰ সত্যতা পৰীক্ষা কৰা তাৰপিছত উত্তেজিত হোৱা।
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(12) জালিমক ক্ষমা কৰা, মজলুমৰ উপৰত জুলুম কৰাৰ চামিল।
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু) 

(13) এনেকোৱা চৰিত্রৰ কাৰোবাক বিশ্বাস নকৰিবা, যিয়ে খঙৰ সময়ত নিজকে নিয়ন্ত্রণত ৰাখিব নোৱাৰে।
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(14) “মই সেই সময়ৰ ভয় কৰো যেতিয়া কাফেৰসকলে সিহঁতৰ মিছাঁকথাক লৈ গর্ববোধ কৰিব আৰু মুছলিমসকলে সিহঁতৰ ঈমানৰ বাবে লজ্জিত হব।” 
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(15) “যিসকলে সকলো সময়ত ইস্তিগফাৰ (ক্ষমা প্রার্থনা) কৰে সিহঁতৰ লগত উঠাবহা কৰক, কিয়নো সিহঁতৰ হৃদয় চবতকৈ কোমল।” 
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(16) “আল্লাহক ভয় কৰা, কিয়নো যিয়ে তেখেতক ভয় কৰে সি কেতিয়াও অকলশৰীয়া (একাকীত্ব) অনুভৱ নকৰে।” 
✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু) [তাকওয়াঃ দি প্রোভিছন অফ বিলিভার্ছ, পৃ ১৪]

(17) "কাৰোৰ লগত দূৰব্যৱহাৰ নকৰিবা। হ'ব পাৰে অহাকালি তোমাৰ অথবা তাৰ শেষ দিন, হয়তো ক্ষমা বিচৰাৰ বাবে তাক বিচাৰিয়েই পোৱা নাযাব।" 
দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(18) "যিয়ে বেছি হাঁহে, তাৰ প্রতি মানুহৰ সমীহ কমি যায়! যিয়ে বেছি মজা-ঠাট্টা কৰে লোকৰ ওচৰত তাৰ ওজন কমি যায়!" 
দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

(19) "তোমাৰ জীৱনসঙ্গী(wife/husband) যদি ৰাগান্বিত হয়(খং কৰে), তেতিয়া তুমি শান্ত হৈ যোৱা। কিয়নো,এজনে জুই হ'লে অন্যজনে পানী হোৱাটো প্রয়োজন। 
দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)'ৰ উক্তিঃ

(১) বেলেগৰ কষ্ট দূৰ কৰাৰ বাবে, কষ্ট কৰাৰ মাজত আছে মহত্বৰ প্রকৃত নির্যাস।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(২) মানুহে পৃথিৱীৰ(দুনিয়াৰ) সুখত বসবাস কৰাৰ উপযোগী সাজ সৰঞ্জাম সংগ্রহত ব্যস্ত থাকে৷ কিন্তু পৃথিৱীৱে সকলো সময়তেই তাক ইয়াৰ পৰা বাহিৰ কৰি দিবৰ বাবে ব্যস্ত থাকে৷
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৩) এদিন কান্দিব, যেতিয়া উপলব্ধি কৰিব জীবন শেষ হৈ আহিল অথচ কোনোও ভাল(নেক) কাম কৰা নহ'ল।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৪) যিয়ে তোমাৰ লগত শত্রুতা কৰে, তাকো ভালপোৱা। যিয়ে তুমাক কষ্ট দিয়ে তাৰ বাবেও দু'আ কৰা। চকু মেলি চোৱা-সৃষ্টিকর্তাই সূর্যৰ পোহৰ ভাল-বেয়া সকলোৰৰ বাবেই অৱধাৰিত ৰাখিছে। পাপী ও পূণ্যবান সকলোৰৰ বাবেই তেখেতে বৰষুণ বর্ষিত কৰিছে।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৫) যৌৱনৰ ইবাদত বৃদ্ধ বয়সৰ ইবাদত তকৈ বহুত বেছি দামী আৰু বৃদ্ধ বয়সৰ পাপ যৌৱনৰ পাপতকৈ বহুত বেছি জগন্য।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)


(৬) যিসকলে মুহাম্মাদ(ছাঃ) ক পুজা কৰে সিহঁতে জানি ৰাখক, মুহাম্মাদ(ছাঃ) মৃত্যুবৰণ কৰিছে আৰু যিসকলে আল্লাহৰ ইবাদত কৰে সিহঁতে জানি ৰাখক নিশ্চয়ই আল্লাহ চিৰঞ্জীৱ।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৭) এজন বান্দাৰ বাবে চবতকৈ জঘন্য পাপসমূহৰ এটা হ'ল তাৰ নিজৰ পাপ কাম সমূহক সৰু কৰি দেখা।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)
[আল-মুজালাছাহ, পৃ ৩৯৮]

() যদি টোপনিৰ পৰা উঠাৰ ক্ষেত্রত বনৰ চৰায়ে আপোনাক হেৰুৱাই দিয়ে...তেন্তে তাতেই আপোনাৰ ব্যার্থতা।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

() মানুহৰ ওপৰৰ ৰঙ দেখি তাক ঘৃণা নকৰিবা হয়তোবা তাৰ এনে এটা গুন আছে যিটো স্বর্ণতকৈও দামি।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)