Friday, December 18, 2015

প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)'ৰ উক্তিঃ

(১) বেলেগৰ কষ্ট দূৰ কৰাৰ বাবে, কষ্ট কৰাৰ মাজত আছে মহত্বৰ প্রকৃত নির্যাস।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(২) মানুহে পৃথিৱীৰ(দুনিয়াৰ) সুখত বসবাস কৰাৰ উপযোগী সাজ সৰঞ্জাম সংগ্রহত ব্যস্ত থাকে৷ কিন্তু পৃথিৱীৱে সকলো সময়তেই তাক ইয়াৰ পৰা বাহিৰ কৰি দিবৰ বাবে ব্যস্ত থাকে৷
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৩) এদিন কান্দিব, যেতিয়া উপলব্ধি কৰিব জীবন শেষ হৈ আহিল অথচ কোনোও ভাল(নেক) কাম কৰা নহ'ল।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৪) যিয়ে তোমাৰ লগত শত্রুতা কৰে, তাকো ভালপোৱা। যিয়ে তুমাক কষ্ট দিয়ে তাৰ বাবেও দু'আ কৰা। চকু মেলি চোৱা-সৃষ্টিকর্তাই সূর্যৰ পোহৰ ভাল-বেয়া সকলোৰৰ বাবেই অৱধাৰিত ৰাখিছে। পাপী ও পূণ্যবান সকলোৰৰ বাবেই তেখেতে বৰষুণ বর্ষিত কৰিছে।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৫) যৌৱনৰ ইবাদত বৃদ্ধ বয়সৰ ইবাদত তকৈ বহুত বেছি দামী আৰু বৃদ্ধ বয়সৰ পাপ যৌৱনৰ পাপতকৈ বহুত বেছি জগন্য।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)


(৬) যিসকলে মুহাম্মাদ(ছাঃ) ক পুজা কৰে সিহঁতে জানি ৰাখক, মুহাম্মাদ(ছাঃ) মৃত্যুবৰণ কৰিছে আৰু যিসকলে আল্লাহৰ ইবাদত কৰে সিহঁতে জানি ৰাখক নিশ্চয়ই আল্লাহ চিৰঞ্জীৱ।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

(৭) এজন বান্দাৰ বাবে চবতকৈ জঘন্য পাপসমূহৰ এটা হ'ল তাৰ নিজৰ পাপ কাম সমূহক সৰু কৰি দেখা।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)
[আল-মুজালাছাহ, পৃ ৩৯৮]

() যদি টোপনিৰ পৰা উঠাৰ ক্ষেত্রত বনৰ চৰায়ে আপোনাক হেৰুৱাই দিয়ে...তেন্তে তাতেই আপোনাৰ ব্যার্থতা।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

() মানুহৰ ওপৰৰ ৰঙ দেখি তাক ঘৃণা নকৰিবা হয়তোবা তাৰ এনে এটা গুন আছে যিটো স্বর্ণতকৈও দামি।
➡ প্রথম খলীফা হজৰত আবু বকৰ ছিদ্দিক (ৰাদিআল্লাহু আনহু)

1 comment:

  1. Emperor Casino : Free spins, No deposit bonus
    Download Emperor Casino Casino : Free spins, No deposit bonus. No deposit casino, Free spins, 바카라 사이트 No deposit 샌즈카지노 bonus, No deposit 제왕카지노 bonus, Deposit bonus, Casino

    ReplyDelete