Monday, January 25, 2016

তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)'ৰ উক্তিঃ

(1) "গোটেই ৰাতি এবাদত কৰাৰ পিছত যদি মনৰ ভিতৰত বিন্দুমাত্র অহমিকা বোধ সৃষ্টি হয় তাতকৈ বৰঞ্চ গোটেই ৰাতি টোপনিমাৰি ৰাতিপোৱাত আল্লাহৰ ওচৰত লজ্জিত হোৱাই বহুত ভাল।" 
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
 
(2) "তৰোৱালৰ আঘাতে মানুহৰ শৰীৰ জখম কৰে কিন্তু বেয়া কথাৰ আঘাতে হৃদপিন্ড ৰক্তাক্ত কৰি দিয়ে।" 
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
 
(3) "পৃথিৱীখনক যিয়ে ভালদৰে চিনি পাইছে, তেও ইয়াৰ পৰা সিমানেই বেছি নিস্পৃহ হৈছে।" 
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
 
(4) "শান্তিৰ লগত জীৱন যাপন কৰাৰ পিছতো যিজন ব্যক্তিৰ আকাঙ্খা শেষ নহয়, তাৰ পক্ষত তৃপ্ত হোৱা সম্ভৱ নহয়।" ✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
 
(5) "মুখ বন্ধ কৰি পেলোৱাই ক্রোধৰ সর্বোত্তম চিকিৎসা।" 
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
 
(6) "জিহ্বা স্খলন পদস্খলনতকৈ বেছি বিপদজনক।" 
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
 
(7) "মানুহৰ হক(প্রাপ্য/দায়িত্ব) সম্পর্কে যি ব্যক্তি সচেতন নহয়, সি আল্লাহৰ হক সম্পর্কে সচেতন হ'ব নোৱাৰে।" 
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
 
(8) "দৰিদ্রই কোনো মুছলমানক অপমান কৰিব নোৱাৰে, মুছলমান যেতিয়া দ্বীনৰ(ধর্ম) পৰা দূৰলৈ গুচি গৈ থাকে তেতিয়াই পদে পদে অপমানৰ সম্মুখীন হয়"। 
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)

No comments:

Post a Comment